মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

পেন্সনৰ শ্ৰেণীবিভাগ

পেন্সনৰ শ্ৰেণী চাৰি প্ৰকাৰৰ-

  • ক্ষতিপূৰণ পেন্সন
  • অকাৰ্যকৰী পেন্সন
  • বাৰ্ধক্যজনিত পেন্সন
  • অৱসৰপ্ৰাপ্ত পেন্সন

স্বেচ্ছাকৃত পেন্সন:-এই পেন্সনবিধ অৱসৰপ্ৰাপ্ত পেন্সনৰ ভিতৰত পৰে। এজন ব্যক্তি নিম্নোল্লেখিত যিকোনো এটা বা দুয়োটা চৰ্ত পূৰণ কৰাৰ পাছত অৱসৰপ্ৰাপ্ত পোৱাৰ ৩ মাহ আগতে স্বেচ্ছাকৃত অৱসৰ গ্ৰহণ কৰিব পাৰে।

      তেওঁৰ অতি কমেও ৫০ বছৰ বয়স হব লাগিব বা অন্ততঃ ২০ বছৰ তেওঁ ধাৰাবাহিকভাৱে চাকৰিত থকা হব লাগিব।

      যদি কোনো এজন ব্যক্তিয়ে ২০ বছৰৰ বাবে চাকৰিত থাকি স্বেচ্ছাকৃত অসৱৰ লাভ কৰে। তেন্তে তেওঁ প্ৰান্তিক সুবিধাৰ গণনাত সৰ্বোচ্চ ৫ বছৰৰ ৰেহাই লাভ কৰিব।

      এনে ৰেহাইৰ অনুমোদন জনাওতে ব্যক্তিগৰাকীৰ ধাৰাবাহিক চাকৰিকাল ৩৩ বছৰতকৈ বেছি হব নালাগিব আৰু তেওঁৰ বাৰ্ধক্যজনিত অৱসৰ গ্ৰহণ কৰাৰ সময়সীমা অতিক্ৰম কৰিব নালাগিব।