মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

পেন্সন নিৰূপণ আৰু যোগ্যতা নিৰ্ধাৰক সেৱাৰ চৰ্তসমূহ

পেন্সন নিৰূপণ

পেন্সন দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰি নিৰূপণ কৰা হয়-

  • যোগ্যতা নিৰ্ধাৰক সেৱা
  • বেতনৰ গড়

যোগ্যতা নিৰ্ধাৰক সেৱাৰ চৰ্তসমূহ-

  • চাকৰিসমূহ চৰকাৰৰ অধীন হব লাগিব
  • কৰ্মচাৰীজন স্বতন্ত্ৰ/স্থায়ী হব লাগিব
  • কৰ্মচাৰীজন চৰকাৰী বেতনপ্ৰাপ্ত হব লাগিব

যোগ্যতা নিৰ্ধাৰক সেৱাৰ নিৰ্ণয়-

  • অৱসৰৰ তাৰিখ জানিবৰ বাবে বাৰ্ধক্য অৱসৰ (৬০ বছৰ) বয়সৰ লগত জন্মৰ তাৰিখ যোগ দিয়ক।
  • যদি তেনেদৰে গণনা কৰা তাৰিখটো কোনো মাহৰ প্ৰতম বা পহিলা তাৰিখ হয় তেন্তে পূৰৱৰ্ত্তী মাহৰ শেষ তাৰিখটো অৱসৰৰ দিন হিচাপে গণ্য কৰা হয়।
  • যোগ্যতা নিৰ্ধাৰক চাকৰিৰ বাবে চাকৰিত যোগদানৰ দিনটো অৱসৰ গ্ৰহণ কৰা দিনটোৰ পৰা বিয়োগ কৰক।