মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

পেন্সনৰ নীতি-নিয়মসমূহ

১. যদি কাৰ্যালয়ৰ মুখ্য বিষয়াজনে এনে মতামত ৰাখে যে চৰকাৰী কৰ্মচাৰীজন পেন্সন বা পাৰিতোষিক মূল্যায়নৰ আগতেই অৱসৰ লোৱাৰ সম্ভাৱনা আছে তেন্তে মুখ্য বিষয়াগৰাকীয়ে গ্ৰহণযোগ্য অস্থায়ী পেন্সন আৰু অস্থায়ী পাৰিতোষিকৰ বাবে অনুমোদন জনাব পাৰে।
২. যদি এজন কৰ্মচাৰীৰ অৱসৰ গ্ৰহণ কৰাৰ তাৰিখটো এটা মাহৰ প্ৰথম দিনটো হয় তেন্তে সেই তাৰিখটো পূৰ্বৱৰ্ত্তী মাহৰ শেষ তাৰিখলৈ ৰূপান্তৰিত কৰা হয়। এফ.আৰ. ৫৬ সংশোধিত কৰা হৈছে।
৩. কোনো চৰকাৰী কৰ্মচাৰী নিৰুদ্দেশ হলে তেওঁৰ পৰিয়ালক আৰক্ষীৰ দ্বাৰা ৰিপোৰ্ট জাৰি কৰাৰ এবছৰৰ পিছত পৰিয়াল পেন্সন প্ৰদান কৰা হব।
৪. পৰিয়াল পেন্সনৰ অনুমোদন বাবে ২০/০৮/২০১৫ৰ পৰা মৃত চৰকাৰী কৰ্মচাৰীজনৰ ওপৰত নিৰ্ভৰশীল পিতৃ-মাতৃ, অবিবাহিত ভগ্নী (২১ বছৰ বয়স পৰ্যন্ত) বা বিয়া নোহোৱা পৰ্যন্ত যিয়েই সোনকালে হয়, আদিক পৰিয়াল পেন্সনৰ ভিতৰত সন্নিৱিষ্ট কৰা হৈছে।
৫. নিয়মানুযায়ী সাধাৰণ পেন্সনৰ বৰ্তমান শেহতীয়া বেতনৰ ৩৩ শতাংস হাৰত সকলোকে প্ৰদান কৰা হয়, যাৰ ন্যূনতম পৰিমাণ ১৮০০ টকা (০১/০১/২০০৬ৰ পৰা)
৬. এজন পৰিয়াল পেন্সনাৰৰ মৃত্যুৰ পিছত বাকী পাওনাৰ ধনৰাশি স্বয়ংক্ৰিয়ভাৱে পৰিয়ালৰ আনজন যোগ্য ব্যক্তিৰ নামত প্ৰদান কৰা হয়। যেতিয়াপৰিয়ালত এনে পেন্সন লাভ কৰিবৰ বাবে কোনো যোগ্য ব্যক্তি নাথাকে তেতিয়াহে বাকী পাওনা প্ৰদান কৰিবৰ বাবে উত্তৰাধিকাৰী প্ৰমাণ পত্ৰৰ প্ৰয়োজন।
৭. ০১/০১/২০০৬ৰ পৰা পেন্সন নিয়মাৱলী ১৯৬৯ৰ নিয়ম অনুসৰি অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীয়ে ১০ বছৰৰ চাকৰিকাল পূৰ্ণ কৰাৰ পাছত সমানুপাতিক পেন্সন লাভ কৰিব।
৮. ০১/০৪/২০০৯ৰ পৰা সকলো ধৰণৰ পাৰিতোষিকৰ সৰ্বোচ্চ সীমা ৭ লাখ টকালৈ আৰু ০১/০৪/২০১৬ৰ পৰা ১৫ লাখ টকালৈ বৃদ্ধি কৰা হয়।
৯. অৱসৰ/মৃত্যুৰ সময়ত পোৱা ডিয়েৰনেছ এলাৱেন্স ডি.চি.আৰ.জি.ৰ লঘূকৰণৰ বাবে বেতন আৰু চাকৰিৰ পাৰিতোষিকত অন্তৰ্ভুক্ত কৰা হয়।