মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

সচৰাচৰ সোধা প্ৰশ্নসমূহ

প্ৰশ্ন – অৱসৰ গ্ৰহণ কৰাৰ দিনাই মই পেন্সন লাভ কৰিব পাৰিমনে?

উত্তৰ –হয়। যদি আপুনি আবেদন দাখিল কৰে তেন্তে অৱসৰ গ্ৰহণ কৰাৰ দিনা সাময়িক পেন্সন আৰু ডি.চি.আৰ.জি. লাভ কৰিব পাৰিব।

প্ৰশ্ন –সাময়িক পেন্সন আৰু ডি.চি.আৰ.জি.ৰ পৰিমাণ কিমান?

উত্তৰ – সকলো চৰকাৰী দায়বদ্ধতাৰ সমন্বয়তা ৰক্ষাৰ পাছত ১০০ শতাংশ সাময়িক পেন্সন আৰু ১০০ শতাংশ ডি.চি.আৰ.জি. আৰু অ-মূল্যায়িত বাকীৰ বাবে ৫০০০ টকা।

প্ৰশ্ন –পেন্সনৰ লঘূকৰণৰ বাবে আবেদন কৰাৰ সঠিক সময় কি?

উত্তৰ – পেন্সনৰ কগজ-পত্ৰেৰে সৈতে ১ বছৰৰ ভিতৰত।

প্ৰশ্ন – যদি মই পেন্সনৰ লঘূকৰণৰ বাবে পেন্সনৰ নথি-পত্ৰেৰে সৈতে আবেদন নকৰো, তেন্তে পাছত কৰিব পাৰিমনে?

উত্তৰ –হয় পাৰিব, কিন্তু পেন্সননাৰজনে এবছৰৰ সময়সীমা অতিক্ৰম কৰাৰ পাছত আবেদন কৰে, তেন্তে মেডিকেল পৰীক্ষা কৰোৱাব লাগিব।

প্ৰশ্ন –পৰিয়াল পেন্সন কেতিয়া গ্ৰহণযোগ্য?

উত্তৰ – এজন চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল অথবা অৱসৰৰ পিছত মৃত্যু ঘটিলে পৰিয়াল পেন্সন গ্ৰহণ কৰিব পাৰি।
মৃত কৰ্মচাৰীজনৰ পত্নী/পতি, ১৮ বছৰ বয়সৰ তলৰ পুত্ৰ বা ২১ বছৰ বয়স নোহোৱা অথবা অবিবাহিতা পুত্ৰীয়ে পৰিয়াল পেন্সন গ্ৰহণ কৰিব পাৰিব।
শাৰিৰীকভাৱে অক্ষম পুত্ৰ বা পুত্ৰীৰ ক্ষেত্ৰত পৰিয়াল পেন্সন সমগ্ৰ জীৱনৰ বাবে প্ৰদান কৰা হয়।