মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

আমি কি কৰো

  • লক্ষ্য

    আমাৰ লক্ষ্য হৈছে এনে এখন সমাজ গঢ়াৰ যত প্ৰাদেশিকীকৃত বিদ্যালয়সমূহ আৰু পি.আৰ.আইৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে এক সুখকৰ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু সমাজৰ উন্নতিৰ হকে অৱদান আগবঢ়াব পাৰে। কোনো ধৰণৰ হাৰাশাস্তি নোহোৱাকৈ পেন্সনৰ আবেদন দাখিল কৰা, পেন্সনৰ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু পেন্সনৰ কেচসমূহৰ দ্ৰুত সমাধাই হৈছে আমাৰ লক্ষ্ প্ৰাপ্তিৰ মাধ্যম।

    অভিযান

    আমাৰ অভিযান হৈছে পেন্সনৰ কেচসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধা কৰা। বৰ্তমান সময়ত এই সঞ্চালকালয়ত ১০,০০০তকৈও অধিক মীমাংসিত পেন্সনৰ কেচ আছে। আমি যথাসাধ্য প্ৰচেষ্টা কৰিছো। আগন্তুক ডিচেম্বৰ,২০১৯ৰ ভিতৰত আমি এই পেন্সন কেচসমূহ সমাধা কৰিম আৰু আবেদন দাখিল কৰাৰ তিনি মাহৰ ভিতৰত একোটা পেন্সন প্ৰদান কৰিবলৈ লক্ষ্য ৰাখিম।

    উদ্দেশ্যাৱলীসমূহ

    আমাৰ মুখ্য উদ্দেশ্য হৈছে সকলো চৰকাৰী কৰ্মচাৰীক সহায় কৰা আৰু পেন্সনাৰসকলক অৱসৰৰ বিভিন্ন সা-সুবিধাসমূহ বুজি পোৱাত আৰু উচিত সময়ৰ ভিতৰত যাৱতীয় পদক্ষেপ লোৱাত সহায় কৰি কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সোনকালে সুবিধাসমূহ লাভ কৰিব পাৰে। পেন্সনৰ প্ৰক্ৰিয়া আৰু নিয়মাৱলীসমূহত বহুতো সাল-সলনি কৰিব পাৰে। পেন্সনৰ প্ৰক্ৰিয়া আৰু নিয়মাৱলীসমূহত বহুতো সালসলনি ঘটোৱা হৈছে আৰু পেন্সন সঞ্চালক, অসমৰ সহযোগিতা এইবোৰ বাস্তৱায়িত কৰা হৈছে।