মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

নাগৰিক চনদ

  • চৰকাৰী নিৰ্দেশ নং এ.আৰ.২৯/৮৮৪৩ তাং ০৮/০৬/১৯৮৯ৰ ভিত্তিত পেন্সন সঞ্চালকালয় গঠন কৰি জনসেৱাত ব্ৰতী হবলৈ পাই অসম চৰকাৰ যথেষ্ট সুখী। পেন্সন সঞ্চালকালয়ৰ মুখ্য কাৰ্য হৈছে প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত অধ্যাপনা আৰু প্ৰশাসনীয় কৰ্মচাৰীসকল আৰু পঞ্চায়ত বিভাগৰ প্ৰাদেশিকীকৃত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে পেন্সন প্ৰদানৰ নিৰ্দেশৰ ঘোষণা কৰা। এই নাগৰিক দলিল উপভোক্তাসকলক সহজ আৰু দ্ৰুত সেৱা আগবঢ়োৱাৰ বাবে প্ৰস্তুত কৰা হৈছে।

    লক্ষ্য

    আমাৰ লক্ষ্য হৈছে এনে এখন সমাজ গঢ়াৰ যত প্ৰাদেশিকীকৃত বিদ্যালয়সমূহ আৰু পি.আৰ.আইৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে এক সুখকৰ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু সমাজৰ উন্নতিৰ হকে অৱদান আগবঢ়াব পাৰে। কোনো ধৰণৰ হাৰাশাস্তি নোহোৱাকৈ পেন্সনৰ আবেদন দাখিল কৰা, পেন্সনৰ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু পেন্সনৰ কেচসমূহৰ দ্ৰুত সমাধাই হৈছে আমাৰ লক্ষ্য প্ৰাপ্তিৰ মাধ্যম।

    অভিযান

    আমাৰ অভিযান হৈছে পেন্সনৰ কেচসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধা কৰা। বৰ্তমান সময়ত এই সঞ্চালকালয়ত ১০,০০০তকৈও অধিক মীমাংসিত পেন্সনৰ কেচ আছে। আমি যথাসাধ্য প্ৰচেষ্টা কৰিছো। আগন্তুক ডিচেম্বৰ,২০১৯ৰ ভিতৰত আমি এই পেন্সন কেচসমূহ সমাধা কৰিম আৰু আবেদন দাখিল কৰাৰ তিনি মাহৰ ভিতৰত একোটা পেন্সন প্ৰদান কৰিবলৈ লক্ষ্য ৰাখিম।

    উদ্দেশ্যাৱলীসমূহ

      • আমাৰ মুখ্য উদ্দেশ্য হৈছে সকলো চৰকাৰী কৰ্মচাৰীক সহায় কৰা আৰু পেন্সনাৰসকলক অৱসৰৰ বিভিন্ন সা-সুবিধাসমূহ বুজি পোৱাত আৰু উচিত সময়ৰ ভিতৰত যাৱতীয় পদক্ষেপ লোৱাত সহায় কৰি কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সোনকালে সুবিধাসমূহ লাভ কৰিব পাৰে। পেন্সনৰ প্ৰক্ৰিয়া আৰু নিয়মাৱলীসমূহত বহুতো সাল-সলনি কৰিব পাৰে।
      • পেন্সনৰ লঘূকৰণ দ্ৰুততৰ আৰু সঠিক সময়ত সম্পূৰ্ণ কৰি তোলা।

    সাংগাঠনিক গঠন

    পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগ

           -পেন্সন সঞ্চালকালয়

    এই বিভাগৰ দ্বাৰা সম্পাদন কৰা কাম-কাজৰ বৃত্তান্ত

    নিম্নোল্লেখিত নিয়মাৱলী অনুসৰি এই বিভাগৰ দায়িত্ব হৈছে প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ কৰ্মচাৰী আৰু পঞ্চায়ত বিভাগৰ প্ৰাদেশিকীকৃত কৰ্মচাৰীসকলৰ পেন্সন প্ৰদানৰ নিৰ্দেশ আৰু পেন্সন লঘূকৰণৰ নিৰ্দেশ জাৰি কৰা-

    • অসম সেৱা (পেন্সন) নিয়মাৱলী, ১৯৬৯
    • অসম সেৱা (অসাধাৰণ) পেন্সন নিয়মাৱলী, ১৯৬৩
    • অসম সেৱা (পেন্সন লঘূকৰণ) নিয়মাৱলী, ১৯৬৫
    • বিশেষ পৰিয়াল পেন্সন আঁচনি
    • বাজেটৰ প্ৰস্তুতি
    Downloads
    নাগৰিক চনদ
    TitleSizeDetail
    নাগৰিক চনদ515.43 KBswf-image