মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

পৰিয়াল পেন্সন – বিধবা পত্নী/পতিক দিয়া অনুদান

১৯৬৪ৰ আঁচনিৰ অধীনত কোনো চৰকাৰী চাকৰিয়ালৰ কাৰ্যকালৰ সময়ত বা অৱসৰৰ পিছত হোৱা মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক (১৪৩ (I) আৰু (II) অসম সেৱা (পেন্সন) নিয়মাৱলীত উল্লেখ থকা মতে) পেন্সনৰ অনুমতি দিয়া হয়। চাকৰিত কৰ্মৰত অৱস্থাত হোৱা মৃত্যুৰ ক্ষেত্ৰত মৃত চৰকাৰী চাকৰিয়ালজন জীৱিত কালত অন্ততঃ ১ বছৰ স্থায়ীভাৱে চাকৰিত নিযুক্ত হৈ থকাটো ফেমিলী বা পৰিয়ালৰ পেন্সন পাবৰ বাবে বাঞ্চনীয়।

পৰিয়াল পেন্সনত প্ৰয়োজনীয় কাৰকসমূহ

ক. পতি/বিধৱা পত্নী।
খ. ১৮ বছৰ নোহোৱা নাবালক পত্ৰ
গ. ২১ বছৰৰ তলৰ অবিবাহিত পুত্ৰী
ঘ. অৱসৰৰ আগতে আইনগতভাৱে তুলি লোৱা সন্তান।
ঙ. পিতৃ
চ. মাতৃ
ছ. ১৮ বছৰ নোহোৱা ডাঙৰ ভাতৃ
h) জ. ২১ বছৰ নোহোৱা বা অবিবাহিত ডাঙৰ ভগ্নী

উপ নিয়ম ১৪৩(II)-(ক) অনুসৰি

নিম্নোল্লেখিত নিয়মৰ অন্তৰ্গত কোনো ধৰণৰ পৰিয়াল পেন্সন প্ৰদান কৰা নহয়-

  • ৰোল ১৪৩(I)(E)ৰ পৰা (H)লৈকে উল্লেখ থকা মতে এনে ব্যক্তিক পৰিয়াল পেন্সন প্ৰদান কৰা নহয় যিয়ে মৃত চৰকাৰী চাকৰিয়ালজনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কোনো যুক্তিকৰ প্ৰমাণং দেখুৱাব নোৱাৰে।
  • মৃত চৰকাৰী চাকৰিয়ালজনৰ এনে এজন ভাতৃ যিয়ে ১৮ বছৰ বয়স অতিক্ৰম কৰিছে।
  • এনে এজন ব্যক্তি যি মৃত চৰকাৰী চাকৰিয়ালজনৰ পৰিয়ালৰ সদস্য নহয়।

পৰিয়ালৰ পেন্সনৰ হাৰ

  • বৰ্দ্ধিত হাৰ
  • নিয়মানুযায়ী হাৰ
  • বৰ্দ্ধিত হাৰৰ গ্ৰহণযোগ্যতা
  • নিয়মানুযায়ী হাৰৰ গ্ৰহণযোগ্যতা

বৰ্দ্ধিত হাৰ – মৃত্যুৰ সময়ত শেষৰ দিনা লাভ কৰা মূল বেতনৰ ৫০ শতাংশ অথবা নিয়মানুযায়ী হাৰতকৈ দুগুণ বেছি।

নিয়মানুযায়ী হাৰ –শেহতীয়া মূল বেতনৰ ৩০ শতাংশ

বৰ্দ্ধিত হাৰৰ গ্ৰহণযোগ্যতা – মৃত্যুৰ সময়লৈকে এজন চাকৰিয়ালে অন্ততঃ ৭ বছৰৰ সেৱা আগবঢ়াব লাগিব। বৰ্দ্ধিত হাৰৰ গ্ৰহণযোগ্যতা ৭ বছৰৰ বাবেহে অথবা যদি মৃত ব্যক্তিগৰাকী ৬৫ বছৰ বয়সলৈকে জীৱিত আছিল, যিকোনো এটা বিকল্প যি তুলনামূলকভাৱে কম।(আৰ.পি.অ. ২০১৭ৰ আগতেই এই নিয়ম বানধি দিয়া হয়।)

নিয়মানুযায়ী হাৰৰ গ্ৰহণযোগ্যতা – এবছৰৰ স্থায়ী সেৱা আগবঢ়োৱাৰ পিছত ৭ বছৰতকৈ কম চাকৰি কৰা মৃত ব্যক্তিক এই হাৰত পেন্সন প্ৰদান কৰা হয়।

বিশেষ পৰিয়াল পেন্সন-

  • বিশেষ পৰিয়াল পেন্সন এনে চৰকাৰী কৰ্মচাৰীৰ মৃত্যুত পৰিয়ালক প্ৰদান কৰা হয় যাৰ মৃত্যু কৰ্মৰত অৱস্থাত উগ্ৰপন্থীৰ হাতত, অ-সামাজিক কূটাঘাত অথবা দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলাওতে হৈছে।
  • মৃত্যুৰ সময়লৈকে ব্যক্তিগৰাকীয়ে ডি.এ. আৰু অন্যান্য অনুদানসহ লাভ কৰা মুঠ মাহিলী বেতনৰ সমান পৰিমাণৰ ধনৰাশি পেন্সন হিচাপে প্ৰদান কৰা হয়।
  • এই পেন্সনৰ সময়সীমা ব্যক্তিগৰাকীৰ মৃত্যুৰ পিছদিনাৰ পৰা আৰম্ভ হয় আৰু শেষ হয় সেইদিনা যিদিনা ব্যক্তিগৰাকীয়ে জীৱিত অৱস্থাত বাৰ্ধক্যজনিত অৱসৰ গ্ৰহণ কৰিলে হয়।
  • এনেদৰে মৃত ব্যক্তিগৰাকীৰ পৰিয়ালে চলিত নিয়ম অনুসাৰে পৰিয়াল পেন্সন লাভ কৰিব।
  • কোনো বৰ্দ্ধিত হাৰৰ ডি.আৰ. ব্যক্তিগৰাকীৰ মৃত্যুৰ পিছত অনুমোদিত হলে এনে হাৰ গ্ৰহণযোগ্য হব।
  • এনে পেন্সনৰ বাবে যোগ্য বিবেচিত হোৱা পৰিয়াল এনে ধৰণৰ-

    ১. বিধৱা পত্নী/পতি
    ২. নাবালক পুত্ৰ (১৮ বছৰৰ তলৰ)/অবিবাহিত পুত্ৰী (২১ বছৰৰ তলৰ)।
    ৩. উপৰোক্ত পৰিয়ালৰ সদস্যৰ অবৰ্তমানত মৃত ব্যক্তিগৰাকীৰ ওপৰত নিৰ্ভৰশীল পিতৃ-মাতৃ।
    ৪. উপৰোক্ত পৰিয়ালৰ সদস্যৰ অবৰ্তমানত ১৮ বছৰৰ তলৰ ভাতৃ বা ২১ বছৰৰ তলৰ অবিবাহিতা ভগ্নী।

বিশেষ পৰিয়াল পেন্সন অনুমোদনৰ কৰ্তৃপক্ষ

১. বিশেষ পৰিয়াল পেন্সন প্ৰদানৰ আগতে অনুমোদন বাঞ্চনীয়।
২. এনে পেন্সন অনুমোদনৰ ক্ষমতা প্ৰশাসনীয় বিভাগৰ থাকে, কিন্তু তাৰ আগতে বিত্তীয় বিভাগৰ সন্মতি লব লাগিব।

বিশেষ পৰিয়াল পেন্সনৰ স্থায়ীকৰণ

বিশেষ পৰিয়াল পেন্সনৰ হাৰ – মাহিলী দৰমহাৰ লগতে অন্য সকলো আৰ্থিক অনুদান যিবোৰ মৃত ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত লাভ কৰি আছিল। এই পেন্সন ব্যক্তিগৰাকীয়ে পৰিয়ালে তেতিয়ালৈকে লাভ কৰিব যেতিয়ালৈকে ব্যক্তিগৰাকী জীৱিত থকা হলে বাৰ্ধক্যজনিত অৱসৰ গ্ৰহণ কৰিলে হয়। বাৰ্ধক্যজনিত অৱসৰৰ পৰৱৰ্ত্তী সময়ছোৱাত তেওঁৰ পৰিয়ালে নিয়মানুযায়ী হাৰত পৰিয়াল পেন্সন লাভ কৰিব। বিশেষ পৰিয়াল পেন্সন প্ৰদান কৰিবৰ বাবে সংশ্লিষ্ট বিভাগে বিত্তীয় বিভাগৰ সৈতে দিহা-পৰামৰ্শ কৰি নিৰ্দেশ জাৰি কৰিব।

নিম্নোলিখিত নথিসমূহ পেন্সন দাবীৰ লগত সদায়েই থাকিব লাগেঃ

পৰিয়াল পেন্সন
১. পেন্সনৰ আবেদন(পেন্সনভোগী আৰু পত্নী/পতিৰ নাম উল্লেখ থাকিব লাগিব) 
২. সেৱা পুস্তক 
৩. শেহতীয়া বেতনৰ প্ৰমাণ পত্ৰএকপি
৪. মঞ্জুৰীৰ কপি- অস্থায়ী পৰিয়াল পেন্সন আৰু ডি.চি.আৰ.জি.একপি
৫. মৃত্যু-নাইবা-অৱসৰৰ পাৰিতোষিকৰ কাৰণে মনোনয়নএকপি
৬. বৰ্ণনাত্মক বহীদুকপি
৭. চৰকাৰী কৰ্মচাৰীৰ সদস্যৰ সবিশেষএকপি
৮. ফৰ্ম নং.৩(সংশোধিত)একপি
৯. ফৰ্ম নং ১০(সংশোধিত)একপি
১০. ফৰ্ম নং ১৯/২০(নতুন)একপি
১১. ফৰ্ম নং ২১(নতুন)একপি
১২. প্ৰত্যায়িত অকলশৰীয়াকৈ থকা ফটোগ্ৰাফ(নামটো ওলোটাকৈ উল্লেখ থকা)তিনি কপি
১৩. পতি/পত্নীৰ নমুনা হস্তাক্ষৰ/টিপ চহী থকা পত্ৰীদুকপি
১৪. মৃত্যুৰ প্ৰমাণ পত্ৰএকপি
১৫. উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ/যথাযথ কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা অত্মীয়ৰ প্ৰমাণ পত্ৰএকপি
Downloads
TitleSizeDetail
Forms for family pension.pdf264.38 KBswf-image
special family pension.pdf36.54 KBswf-image
Family Pension