মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

লঘূকৰণ

যোগ্যতাৰ মাপকাঠি

প্ৰতিজন পেন্সনাৰে তেওঁৰ মাহিলী পেন্সনৰ এটা অংশ (সৰ্বোচ্চ ১/৩ অংশ) লঘূকৰণ কৰি জমা থৈ পাছত এটা গোটা অংকৰ ধনৰাশি লাভ কৰিবৰ যোগ্য। এনে কৰ্মচাৰী বা পেন্সনাৰ যাৰ বিৰুদ্ধে বিভাগীয় বা ন্যায়িক তদন্ত বিচাৰাধীন হৈ আছে, তেনে ব্যক্তিয়ে ন্যায়িক মোকৰ্দমাসম্পন্ন নোহোৱা পৰ্যন্ত পেন্সনৰ লঘুকৰণ কৰোৱাব নোৱাৰে। পেন্সনৰ পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ জমা দিব লাগিব, তাৰে এখন প্ৰত্যায়িত কৰোৱা হব লাগিব।

গ্ৰহণযোগ্য ধনৰাশি

মূল পেন্সনৰ এক-তৃতীয়াংশ বা ৩৩.৩৩ শতাংশ।

ডাক্তৰী বা মেডিকেল পৰীক্ষাৰ অবিহনে লঘূকৰণ

পেন্সনাৰে তেখেতৰ পেন্সন মেডিকেল পৰীক্ষা নকৰোৱাকৈও লঘূকৰণ কৰাব পাৰিব, যাতে তেওঁ বাৰ্ধক্য পেন্সনৰ অৱসৰ পেন্সন আৰু ক্ষতিপূৰণ পেন্সনৰ ক্ষেত্ৰত অৱসৰৰ দিনাখনৰ পৰা আৰম্ভ কৰি এবছৰৰ ভিতৰত লঘূকৰণৰ বাবে আবেদন কৰে। (OM.NO.FMP.210/78/41, তাং ২৬-০৮-৮০)

মেডিকেল পৰীক্ষাৰ পিছত লঘূকৰণ

অৱসৰ গ্ৰহণ কৰাৰ এবছৰৰ ভিতৰত পেন্সন লঘূকৰণৰ বাবে আবেদন কৰা সকলো পেন্সনাৰে মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হব লাগিব আৰু মেডিকেল কৰ্তৃপক্ষৰ দ্বাৰা শাৰিৰীকভাৱে সুস্থ বুলি ঘোষিত হব লাগিব।

লঘুকৰণৰ ফলত পেন্সনৰ পৰিমাণ হ্ৰাস

পেন্সনাৰ পেন্সনৰ পৰা লঘূকৰণ সেইদিনাৰ পৰা সক্ৰিয় হব যিদিনা পেন্সনাৰজনে লঘূকৰণ ধনৰাশিৰ লিখিত ৰছিদ লাভ কৰিব বা পেন্সনৰ লঘূকৰণ নিৰ্দেশ জাৰি কৰাৰ তিনি মাহৰ পিছত সক্ৰিয় হব (যিটোৱেই সোনকালে হব)। যদি পেন্সন বেংকৰ পৰা সংগ্ৰহ কৰা হয় তেন্তে পেন্সনৰ লঘূকৰণ সেই ধনৰাশি বেংকত জমা হোৱা দিনাখনৰ পৰা আৰম্ভ হব। এনে ব্যক্তি যিয়ে বাৰ্ধক্যজনিত অৱসৰ গ্ৰহণ কৰে আৰু অৱসৰৰ আগতে লঘূকৰণৰ বাবে আবেদন কৰে, লঘূকৃত ধনৰাশি অৱসৰ গ্ৰহণ কৰাৰ পিছদিনাৰ পৰা আদায় কৰিব লাগিব আৰু একেটা দিনৰ পৰা পেন্সনৰ হ্ৰাসকৰণো সক্ৰিয় হব। লঘূকৰণৰ দিনৰ পৰা আৰম্ভ কৰি ১৪ বছৰৰ পিছত লঘুকৃত ধনৰাশি ঘূৰাই পোৱা যায়।

পেন্সনৰ লঘুকৰণ (সম্পূৰ্ণ নিশ্চিতকৰণ লাভ)

এজন পেন্সনাৰে বাৰ্ধক্যজনিত অৱসৰ গ্ৰহণ কৰাৰ আগতে পেন্সন লঘূকৰণৰ বাবে কাৰ্যকালৰ মুখ্য বিষয়াৰ হাতত আবেদন জমা দিব লাগিব।

  • তেনে পেন্সনৰ লঘূকৰণ তেতিয়াহে নিশ্চিত হব যেতিয়া মেডিকেল কৰ্তৃপক্ষই পেন্সনাৰৰ সপক্ষে মেডিকেল প্ৰমাণপত্ৰত চকী কৰিব। ৰোল ১২(২)
  • সেই তাৰিখত যিদিনা প্ৰথম মেডিকেল কৰ্তৃপক্ষই তেওঁলোকৰ মতামত দাঙি ধৰিব আৰু যেতিয়া তেওঁলোকৰ সিদ্ধান্ত একাষৰীয়াকৈ ৰখা হব অথবা পুনৰ নিবেদন কৰাত শুধৰোৱা হব।
  • যদি পেন্সনাৰজনৰ লঘূকৰণৰ ধন নিশ্চিত হোৱাৰ পাছত সেই ধনৰাশি গ্ৰহণ নকৰাকৈ মৃত্যু হয় তেন্তে সেই পৰিমাণ তেওঁৰ উত্তৰাধিকাৰীক প্ৰদান কৰা হব আৰু ধনৰাশিত কোনো ধৰণৰ হ্ৰাসকৰণ কৰা নহয়। ৰোল ২০
  • কাৰ্যালয়ৰ মুখ্য বিষয়াৰ পেন্সনৰ লঘূকৰণ আবেদন মেডিকেল পৰীক্ষাৰ অবিহনে এবছৰৰ সময়সীমা অতিক্ৰম কৰাৰ আগতে লাভ কৰিলে।

পেন্সনৰ লঘূকৰণৰ বাবে কেনেদৰে আবেদন কৰিব লাগে

  • কাৰ্যালয়ৰ মুখ্য বিষয়াৰ জৰিয়তে পি.পি.অ. প্ৰদান কৰা কৰ্তৃপক্ষ এ.জি./ডি.পিৰ ওচৰত পূৰ্ব নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি।
  • দুখন পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ জমা দিব লাগিব। তাৰে এখন প্ৰত্যায়িত হব লাগিব আৰু আনখন নালাগে।
Downloads
TitleSizeDetail
Flow Chart for Commutation of Pension.pdf171.66 KBswf-image
Flow Chart For Commutation(Authority Copy Part).pdf406.51 KBswf-image
commutation.pdf60.01 KBswf-image
Commutation