মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

পেন্সন প্ৰক্ৰিয়া মানচিত্ৰ

অসম চৰকাৰৰ দ্বাৰা জাৰি কৰা চৰকাৰী জাননী নং এ.আৰ. ২৯/৮৮/৪৩ তাং ০৮/০৬/১৯৮৯ৰ উল্লেখ কৰি পেন্সনৰ পৰিকল্পনা বিশদভাৱে বৰ্ণনা কৰিব লাগিব যত প্ৰাদেশিকীকৃত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপনা আৰু প্ৰশাসনীয় কৰ্মচাৰী আৰু পঞ্চায়ত আৰু আৰ.ডি. বিভাগৰ কৰ্মচাৰীসকলক এক নিৰ্দিষ্ট সময়সূচী পালন কৰি পেন্সন প্ৰদানৰ নিৰ্দেশৰ নিয়মাৱলী সমূহৰো উল্লেখ থাকিব।

  • এনে পেন্সনৰ সময়সূচী হৈছে এনে ধৰণৰ যে ওপৰোক্ত শ্ৰেণীৰ কৰ্মচাৰীসকলে বাৰ্ধক্যজনিত অৱসৰ গ্ৰহণ কৰাৰ ছমাহ আগতে তেওঁলোকৰ কাৰ্যালয়ৰ মুখ্য বিষয়াৰ জৰিয়তে আবেদন কৰিব লাগে।
  • বিদ্যালয়ৰ কৰ্তৃপক্ষ, বিদ্যালয়ৰ সহকাৰী পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয়ৰ পৰিদৰ্শক, সংস্কৃত শিক্ষাৰ সহকাৰী সঞ্চালক, মাদ্ৰাছা শিক্ষাৰ সঞ্চালক আৰু সংশ্লিষ্ট জিলাসমূহৰ পঞ্চায়ত বিভাগৰ মুখ্য বিষয়া আদিয়ে কৰ্মচাৰীৰ পৰা লাভ কৰা পেন্সনৰ আবেদন পত্ৰসমূহ পেন্সন সঞ্চালকালয়, অসমলৈ বাৰ্ধক্যজনিত অৱসৰ লাভ কৰাৰ ছমাহ আগতে পঠিয়াব লাগিব।
  • পেন্সন সঞ্চালকালয়ে সকলো পৰ্যবেক্ষণ অতি শীঘ্ৰে সম্পন্ন কৰিব লাগিব। আপত্তিজনক আবেদনসমূহ পৰ্যালোচনাৰ বাবে ঘূৰাই পঠিয়াব লাগিব যাতে পেন্সন প্ৰদানৰ নিৰ্দেশ আগতীয়াকৈ জাৰি কৰিব পৰা যায় আৰু আপত্তি নোহোৱা কেচসমূহত ডি.পি.য়ে তিনি মাহৰ ভিতৰত পেন্সন প্ৰদানৰ নিৰ্দেশত অনুমোদন জনাব।

নিম্নোলিখিত ফাইল ফ্লো তালিকাই এই বিষয়টো আৰু অধিক স্পষ্ট কৰি দিবঃ

Pension Process Map