মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

পেন্সন লঘূকৰণৰ বাবে আবেদন

প্ৰতিজন পেন্সনাৰে তেওঁৰ মাহিলী পেন্সনৰ এটা অংশ (সৰ্বোচ্চ ১/৩ অংশ) লঘূকৰণ কৰি জমা থৈ পাছত এটা গোটা অংকৰ ধনৰাশি লাভ কৰিবৰ যোগ্য। এনে কৰ্মচাৰী বা পেন্সনাৰ যাৰ বিৰুদ্ধে বিভাগীয় বা ন্যায়িক তদন্ত বিচাৰাধীন হৈ আছে, তেনে ব্যক্তিয়ে ন্যায়িক মোকৰ্দমাসম্পন্ন নোহোৱা পৰ্যন্ত পেন্সনৰ লঘুকৰণ কৰোৱাব নোৱাৰে।

পেন্সন লঘূকৰণৰ বাবে কেনেদৰে আবেদন কৰিব লাগে-

১. কাৰ্যালয়ৰ মুখ্য বিষয়াৰ জৰিয়তে পেন্সন প্ৰদান নিৰ্দেশ জাৰি কৰা কৰ্তৃপক্ষৰ ওচৰত পূৰ্বনিৰ্ধাৰিত আবেদন পত্ৰৰ দ্বাৰা আবেদন কৰিব লাগিব।

২. দুখন পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ জমা দিব লাগিব। তাৰ এখন প্ৰত্যায়িত হব লাগিব আৰু আনখন নালাগে।

৩. পেন্সনাৰজনৰ দ্বাৰা পেন্সন লঘূকৰণৰ বাবে থকা পূৰ্বনিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰত দুটা হস্তস্বাক্ষৰ কৰোৱাব লাগিব।