মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

পেন্সনৰ যাৱতীয় কাগজপত্ৰসমূহ

পেন্সনৰ যাৱতীয় কাগজপত্ৰসমূহ-

  • ছাৰ্ভিচ বুকৰ প্ৰথম বা শেষৰ পৃষ্ঠাত সঠিক প্ৰত্যায়িত চহীৰ সৈতে এইদৰে উল্লেখ থাকিব লাগিব যে এই পেন্সনৰ কেচটো পূৰ্বতে সমাধা কৰা হোৱা নাই।
  • কাৰ্যালয়ৰ মুখ্য বিষয়াই চৰকাৰী কৰ্মচাৰীজনৰ অনুমোদিত পদটোৰ সৈতে চৰকাৰী নিৰ্দেশ নং আৰু তাৰিখসহ এই কথাও প্ৰমাণ কৰিব লাগিব যে এই ব্যক্তিগৰাকীৰ পেন্সনৰ নথি-পত্ৰসমূহ পূৰ্বতে প্ৰদৰ্শন কৰা হোৱা নাছিল।
  • ছাৰ্ভিচ বুকখনৰ মূল কপিটোৰ সৈতে চৰকাৰী কৰ্মচাৰীজনৰ বয়সৰ প্ৰমাণ-পত্ৰ আৰু পেন্সনৰ আবেদন দেখুৱাব লাগিব।
  • জন্মৰ তাৰিখটোত কোনো ধৰণৰ ওপৰা-ওপৰিকৈ লিখা/সালসলনি থাকিব নোৱাৰিব, যদিহে এনে সালসলনিৰ কামত সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা প্ৰত্যায়িত চহী বা প্ৰমাণীকৰণ নাথাকে।
  • যি ছাৰ্ভিচ বুক কৰ্মচাৰীজন চাকৰিৰ যোগদানৰ সময়ত খোলা নাই আৰু ইয়াৰ প্ৰথম পৃষ্ঠাৰ ৮ আৰু ৯নং স্তম্ভত প্ৰত্যায়িত চহী কৰা বিষয়াজনৰ দ্বাৰা বছৰটোৰ উল্লেখ নাথাকে তেনে চাৰ্ভিছ বুক গ্ৰহণ কৰা নহয়। অসম বিত্তীয় নিয়মাৱলী অনুসৰি এজন চৰকাৰী কৰ্মচাৰীয়ে চাকৰিত যোগদান কৰাৰ লগে লগে ছাৰ্ভিচ বুক খুলিব লাগিব।
  • ছাৰ্ভিচ বুক খোলোতে হোৱা বিলম্বৰ উচিত কাৰণ দৰ্শাব লাগিব।
  • উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন নথকা পুনৰ গঠিত ছাৰ্ভিচ বুক গ্ৰহণযোগ্য নহয়। পেন্সনৰ আবেদন দাখিল কৰাৰ আগতে উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদন লাভ কৰিব লাগিব। ছাৰ্ভিচ বুকৰ প্ৰথম পৃষ্ঠাত সঠিকভাৱে সমৰ্থিত লিপিবদ্ধকৰণ থাকিব লাগিব।
  • প্ৰাৰম্ভিক নিযুক্তিৰ নিৰ্দেশৰ লগতে মূল বেতনৰ পৰিমাণ ছাৰ্ভিচ বুকত লিপিবদ্ধ হব লাগিব আৰু নিযুক্তি পত্ৰখনো ছাৰ্ভিচ বুকত থাকিব লাগিব। সঠিকভাৱে কৰা প্ৰত্যায়নৰ সৈতে বাৰ্ষিক বেতনৰ পৰিমাণো লিপিবদ্ধ কৰা থাকিব লাগিব।
  • ছাৰ্ভিচ বুকত বাৰ্ষিক ছাৰ্ভিচ ভেৰিফিকেশ্যন অথবা সত্য প্ৰতিপাদন থাকিব লাগে। উদহৰণস্বৰূপে সঠিক প্ৰত্যায়নৰ সৈতে সত্য প্ৰতিপাদনৰ সময়ৰ উল্লেখ।
  • বিভিন্ন সময়ত লোৱা বিভিন্ন ধৰণৰ ছুটী বা অব্যাহতিসমূহো ছাৰ্ভিচ বুকত উপযুক্ত প্ৰত্যায়নৰ সৈতে লিপিবদ্ধ হব লাগে।
  • এফ.আৰ. আৰু এচ.আৰ./আৰ.অ.পিৰ সাধাৰণ নিয়মাৱলীৰ সুবিধাৰ ভিত্তিত গ্ৰহণযোগ্য বেতনৰ সমতাকৰণ ছাৰ্ভিচ বুকত লিপিবদ্ধ হব লাগে। ইয়াৰ লগতে ৰেফাৰেন্স নং নিৰ্দেশৰ তাৰিখ আৰু যাৰ লগত বেতনৰ সমতাকৰণ কৰা হৈছে এই সকলোবোৰ সঠিক প্ৰত্যায়নৰ সৈতে ছাৰ্ভিচ বুকত লিখা থাকিব লাগে।
  • সঠিক প্ৰত্যায়নৰ সৈতে কোনো ধৰণৰ বৰ্দ্ধিত বেতনৰো উল্লেখ ছাৰ্ভিচ বুকত থাকিব লাগে।
  • চাকৰিৰ নিযুক্তিকৰণৰ স্বীকৃতি উচিত প্ৰত্যায়নৰ সৈতে তেনে স্বীকৃতি সম্পৰ্কীয় নিৰ্দেশৰ একোটা কপি দাখিল কৰিব লাগে। কিন্তু চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত তেনে স্বীকৃতিপত্ৰ গ্ৰহণযোগ্য নহয়।
  • চৰকাৰী কৰ্মচাৰীজনৰ অৱসৰৰ তাৰিখ/মৃত্যুৰ তাৰিখ ছাৰ্ভিচ বুকত সঠিক প্ৰত্যায়নৰ সৈতে উল্লেখ থাকিব লাগে।
  • কাৰ্যালয়ৰ মুখ্য বিষয়াজনে অপৰিৱৰ্ত্তনীয়ভাৱে ছাৰ্ভিচ বুকৰ প্ৰথম আৰু শেষ পৃষ্ঠাত চহী কৰিব লাগিব।
  • চাকৰিৰ পৰা হোৱা নিলম্বন অপসাৰণ আৰু বৰ্জন আদি ছাৰ্ভিচ বুকত নিৰ্দেশ নং আৰু তাৰিখসহ উল্লেখ থাকিব লাগিব। চাকৰিত পুনৰ যোগদান, নিলম্বনৰ কাৰ্যকাল আৰু নিলম্বনৰ সময়ত পোৱা বেতনৰ পৰিমাণ আদি ছাৰ্ভিচ বুকত স্পষ্ট ৰূপত উল্লেখ থাকিব লাগিব।
  • কোনো ধৰণৰ পদোন্নতি আদি ছাৰ্ভিচ বুকত সঠিক প্ৰত্যায়নৰ সৈতে লিপিবদ্ধ হব লাগিব।
  • ছুটীৰ সময়ত পোৱা বেতন আৰু পেন্সনৰ অৱদানসমূহ ট্ৰেজাৰী চালানৰ কপিৰ সৈতে প্ৰদৰ্শন কৰিব লাগিব। কোনো ধৰণৰ বাকী যি পাবলৈ থাকি গল সেই বিষয়ে ফৰৱাৰ্ডিং লেটাৰ/১৯ নং আবেদন পত্ৰত পেন্সনৰ নথিপত্ৰ পঠাওঁতে স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
  • কোনো ধৰণৰ ঋণ/এল.টি.চি. আদি ছাৰ্ভিচ বুকত আৰু ফৰৱাৰ্ডিং লেটাৰত উল্লেখিত হব লাগে।
  • এডহকৰ ঘাটাৰ তাৰিখ/প্ৰাদেশিকীকৃত আৰু একত্ৰীকৰণ আৰু উন্নীতকৰণ আদিৰ নিৰ্দেশ নং আৰু তাৰিখ আদি ছাৰ্ভিচ বুকত কাৰ্যকালৰ মুখ্য বিষয়াৰ দ্বাৰা প্ৰত্যায়িত হব লাগিব।
  • চি.পি.এফ. একাউণ্ট নং চি.পি.এফ. প্ৰত্যাৰ্পণ/চৰকাৰী অংশ আৰু সুদৰ হাৰ আদি ট্ৰেজাৰী চালানৰ কপিৰে সৈতে পেন্সনৰ নথি-পত্ৰ সৈতে প্ৰদৰ্শন কৰিব লাগিব।
  • বাৰ্ধক্যজনিত পেন্সনৰ ক্ষেত্ৰত ১নং, ১(A) নং, ২ আৰু ১৯ নং আবেদন-পত্ৰ পূৰণ আৰু কাৰ্যকালৰ মুখ্য বিষয়াৰ দ্বাৰা চহী কৰাই দাখিল কৰিব লাগিব।
  • পৰিয়াল পেন্সনৰ ক্ষেত্ৰত ৩, ১০, ২০, ২১, ১২ আৰু ১৬ নং আবেদনপত্ৰ মনোনয়নৰ সৈতে পূৰণ কৰি কাৰ্যালয়ৰ মুখ্য বিষয়াৰ দ্বাৰা চহী কৰোৱাই দাখিল কৰিব লাগে।
  • হস্তস্বাক্ষৰৰ নমুনাযুক্ত ৰছিদ আৰু বৰ্ণনাযুক্ত তালিকা, যুটীয়া ফটোগ্ৰাফ (বাৰ্ধক্যজনিত পেন্সনৰ ক্ষেত্ৰত) আৰু একক ফটোগ্ৰাফ (পৰিয়াল পেন্সনৰ ক্ষেত্ৰত) কাৰ্যালয়ৰ মুখ্য বিষয়াৰ দ্বাৰা প্ৰত্যায়িত আৰু স্বাক্ষৰিত ৰূপত দাখিল কৰিব লাগে।
  • কাৰ্যালয়ৰ মুখ্য বিষয়া দ্বাৰা পূৰণ কৰা স্বাক্ষৰিত এল.পি.চি. দাখিল কৰিব লাগে।
  • সাময়িক পেন্সনৰ/সাময়িক ভি.চি.আৰ.জ.ৰ অনুমোদিত কপি পেন্সনৰ কাগজৰ সৈতে দাখিল কৰিব লাগিব।
  • সাময়িক পেন্সন/ডি.চি.আৰ.জি. আদায় নকৰাৰ প্ৰমাণ-পত্ৰ পেন্সনৰ কাগজৰ সৈতে জমা দিব লাগিব।
  • কোনো ধৰণৰ দাবী বা চৰ্ত নথকাৰ প্ৰমাণপত্ৰ কাৰ্যালয়ৰ মুখ্য বিষয়াৰ দ্বাৰা স্বাক্ষৰিত কৰি প্ৰদৰ্শন কৰিব লাগিব।
  • সংশ্লিষ্ট কৰ্তৃপক্ষ/অডিট বিষয়াৰ কাৰ্যালয়ৰ মুখ্য বিষয়াৰ সৈতে কোনো ধৰণৰ বাধ্যবাধকতা নথকাৰ প্ৰমাণ-পত্ৰ সঠিক ৰূপ প্ৰত্যায়িত কৰাই পেন্সনৰ কাগজৰ সৈতে দাখিল কৰিব লাগিব।
  • প্ৰতিটো আৰ.অ.পি.ৰ সৈতে আই.পি.এছ.ৰ কপি ছাৰ্ভিচ বুকৰ সৈতে প্ৰদৰ্শন কৰিব লাগিব।