পেন্সন নিৰূপণ
পেন্সন দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰি নিৰূপণ কৰা হয়-
- যোগ্যতা নিৰ্ধাৰক সেৱা
- বেতনৰ গড়
যোগ্যতা নিৰ্ধাৰক সেৱাৰ চৰ্তসমূহ-
- চাকৰিসমূহ চৰকাৰৰ অধীন হব লাগিব
- কৰ্মচাৰীজন স্বতন্ত্ৰ/স্থায়ী হব লাগিব
- কৰ্মচাৰীজন চৰকাৰী বেতনপ্ৰাপ্ত হব লাগিব
যোগ্যতা নিৰ্ধাৰক সেৱাৰ নিৰ্ণয়-
- অৱসৰৰ তাৰিখ জানিবৰ বাবে বাৰ্ধক্য অৱসৰ (৬০ বছৰ) বয়সৰ লগত জন্মৰ তাৰিখ যোগ দিয়ক।
- যদি তেনেদৰে গণনা কৰা তাৰিখটো কোনো মাহৰ প্ৰতম বা পহিলা তাৰিখ হয় তেন্তে পূৰৱৰ্ত্তী মাহৰ শেষ তাৰিখটো অৱসৰৰ দিন হিচাপে গণ্য কৰা হয়।
- যোগ্যতা নিৰ্ধাৰক চাকৰিৰ বাবে চাকৰিত যোগদানৰ দিনটো অৱসৰ গ্ৰহণ কৰা দিনটোৰ পৰা বিয়োগ কৰক।